Saturday, December 24, 2011

লোকপাল ?

               (বজ্ৰাঙ্গ দাস)
শীতৰ এই নিৰৱ পুৱা
মোৰ দুনয়ণত
দুধাৰি অশ্ৰু...

প্ৰাপ্তিৰ শুণ্যতাক
আশাৰ দুৱাৰত
কি বুলিনো আদৰো?

অপলক দৃষ্টিৰে তুমি
নিৰ্বিকাৰ হৈ থমকি ৰ’লা...
তথাপি
এবাৰো যে নুশুধিলা
কি দুখ
কি যন্ত্ৰণা
কিহৰ শোকত
বৈ গৈছে
এই নিৰ্মম আম্লিক ধাৰা...

হয়তো তুমিও বুজিছা
সিহতে...
সিহতে তোমাক আকৌ ঠগালে...

Sunday, July 31, 2011

মই বুজি নাপাওঁ

               (বজ্ৰাঙ্গ দাস)
হয়
তুমি সচা কথাই কৈছিলা
প্ৰেমৰ অৰ্থ
মই বুজি নাপাওঁ |

মই বুজি নাপাওঁ
তোমাৰ চকুৰ গহ্বৰত অন্তৰ্নিহিত ইংগিত |

মই বুজি নাপাওঁ
তোমাৰ অশু‌ভ আচৰণৰ আঁৰৰ সত্য |

মই বুজি নাপাওঁ
তোমাৰ ওঁঠৰ পৰা অনুচ্চাৰিত শব্দৰ অৰ্থ |

মই বুজি নাপাওঁ
তোমাৰ মনৰ প্ৰতিটো কোনৰ অপ্ৰকাশিত ৰহস্য |

আৰু মূল কথা হ’ল
মই বুজি নাপাওঁ তোমাক |

তুমি সচা কথাই কৈছিলা
প্ৰেমৰ অৰ্থ
মই বুজি নাপাওঁ ||

Saturday, July 30, 2011

তুমি সচা ৰাজনীতিবিদ

               (বজ্ৰাঙ্গ দাস)
লাজ জানো পোৱা
কোনোবাই লাজ দিলে ?

দেখাৰ দিনাৰে পৰা
তুমি মাথো তাইৰ অনিষ্টই কৰি আহিছা
মিথ্যা কথাৰে ঠগিছা
কুম্ভীৰৰ দৰে চকুলো টুকিছা
তেজপিয়াৰ দৰে শোষন কৰিছা...

কলোৱেই যেনিবা
তুমি অহংকাৰী
তুমি দুৰাচাৰী
তুমি অত্যাচাৰী
তুমি শোষনকাৰী...

কবিতা লিখিনো কি হব !!!
তথাপি তুমিতো
তাইক বলাত্কাৰ কৰিব নেৰা

শত্ৰু যে অগনণ

               (বজ্ৰাঙ্গ দাস)
জাগ্ৰত জনগণ
আকৌ সোঁৱৰা পণ
অশান্ত প্ৰহৰত
আহিব বিব্ৰত ক্ষণ |

আন্ধাৰ হলেও বাট
আগুৱাব লাগিবই
পিচলি গলেও পাৱ
উঠি যাব লাগিবই
কঁপি উঠিলেও মন
শত্ৰু যে অগনণ ||

পিশাচৰ ৰাজ্যত থাকিব নোৱাৰো আৰু
তেজপিয়া অধমক সহিব নোৱাৰো আৰু
ঘৰৰেই শত্ৰুক নিৰ্মূল কৰাৰ ৰণ
কঁপি উঠিলেও মন
শত্ৰু যে অগনণ
যুঁজি যাম আমৰণ
শত্ৰু যে অগনণ |

জাগ্ৰত জনগণ
আকৌ সোঁৱৰা পণ
অশান্ত প্ৰহৰত
আহিব বিব্ৰত ক্ষণ... ||


Wednesday, July 27, 2011

সি এদিন আহিবই

               (বজ্ৰাঙ্গ দাস)
জানানে
তোমাৰ প্ৰত্যেকটো পদধ্ৱ্নীয়ে
মোৰ কৰ্ণপটত আঘাত হানে ...

কাইটিয়া পথ তোমাৰ সদায়েই প্ৰিয়
পোন পথত সৰ্পিল গতি
তেনে যাত্ৰা কিয় ?

খন্তেক জিৰোৱা
নিজক সুধি চোৱা

মৃত্যু ?
জীৱন পথত ...
সি এদিন আহিবই |

Tuesday, July 26, 2011

কোন-কিয়-কেনেকৈ

               (বজ্ৰাঙ্গ দাস)
আকাশত তৰা যিমান
মোৰ মনত প্ৰশ্ন সিমান

পাৰিবা উত্তৰ দিব
তাৰে মাথো তিনিটাৰ

তুমি আৰু মই..

কোন ?
কিয় ?
কেনেকৈ ?