Thursday, October 15, 2015

ফেচবুক প্ৰফাইল

                            (বজ্ৰাঙ্গ দাস)
হঠাত্‍ দেখিলো
তোমাৰ ফেচবুক প্ৰফাইল
হৃদয় স্পন্দনে জোকাৰি গৈছিল
স্মৃতিৰ কোঠালী..

ৰিণি ৰিণি গানৰ কাইটীয়া সুৰত
ওৰে নিশা আজি সেউজীয়া হব
হেৰুৱা সপোন সমাধি..


তাৰিখ

                 (বজ্ৰাঙ্গ দাস)
অফিচৰ ব্যস্ততা আৰু
কৰ্তব্যৰ হেচাৰ মাজত
পাৰ হোৱা এটা
গতানুগতিক দিন..

অভ্যাসবশত টোকা এটাত
তাৰিখ লিখিব লৈ
হঠাত্‍ কলমটো যেন থমকি ৰ’ল
হয়, আজি তোমাৰ জন্মদিন !!