Wednesday, May 18, 2016

শৈশৱৰ সপোন

                         (বজ্ৰাঙ্গ দাস)

এক নতুন হোৱাত্চাপ গ্ৰুপ
আমাৰ প্ৰাথমিক স্কুলৰ |
শৈশৱৰ স্মৃতি সজীৱ হৈ
হঠাত্‍ যেন বিচাৰি পালো
অতীত গহ্বৰত লুকাই পৰা
লৰালিৰ সময়বোৰ |

আৰু যে বিচাৰি পালো
মোৰ সপোনৰ
সিচঁৰিত কণ কণ টুকুৰা...

অনাতাঁৰত শুনা
কবিতা আবৃত্তিৰ সাঁচেৰে
গঢ় লৈ উঠা
মোৰ সপোনবোৰ

"ম‍ই হ’ম দেশভক্ত তৰুণৰাম..
ম‍ই হ’ম নেতাজী সুভাষ..
ম‍ই হ’ম কুশল কোঁৱৰ..
ম‍ই হ’ম ..." ইত্যাদি !!


Wednesday, May 4, 2016

তিতা-মিঠা #হেচ্‌টেগ#

(এমুঠি মাইক্ৰ’ কবিতা)
                         (বজ্ৰাঙ্গ দাস)
#সুখ-দুখ
সুখ বিচাৰি হাবাথুৰি খালো
দুখৰ ঠিকনাহে বাৰে বাৰে পালো

#পোহৰ-এন্ধাৰ
পোহৰ বিচাৰি বহু দৌৰিলো
নিজৰেই ছাঁৰ মাজত নিজক হেৰুৱালো

#সপোন-দিঠক
দিঠকৰ আৰে আৰে সপোনবোৰ জুমি চালো
সিচৰিত চূৰ্ণ টুকুৰাবোৰহে দেখা পালো

#আশা-হতাশা
আশাৰে আশাৰ বাট চালো
হত আশাৰ চকুলোৰে ধুই পেলালো

#প্ৰেম-বিৰহ
প্ৰেমৰ নামত জীৱন সপিলো
বিৰহ অগনিত জ্বলি-পুৰি মৰিলো

#তুমি-মই
মই যিমানেই তোমাৰ কাষত
তুমি সিমানেই মোৰ পৰা আঁতৰত